- জান্নাতীসকলৰ ঈমান আৰু আমলে চলেহ অনুপাতে তেওঁলোকৰ মৰ্যাদা আৰু স্তৰ বেলেগ বেলেগ হ'ব।
- আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত, জান্নাতৰ সৰ্বোচ্চ স্তৰ ফিৰদাউছ প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
- ফিৰদাউছ হৈছে জান্নাতৰ সৰ্বোচ্চ আৰু সৰ্বোৎকৃষ্ট স্তৰ।
- মুছলিমৰ আশা-আকাংক্ষা সুউচ্চ হোৱা উচিত। লগতে আল্লাহৰ ওচৰত সৰ্বোচ্চ আৰু সৰ্বোৎকৃষ্ট স্তৰ কামনা কৰা উচিত আৰু এই ক্ষেত্ৰত চেষ্টা কৰা উচিত।
- জান্নাতত চাৰিটা নদী আছে, নিৰ্মল পানীৰ, গাখীৰৰ, সুৰাৰ আৰু মৌৰ। এই কথা পৱিত্ৰ কোৰআনত উল্লেখ আছে, মহান আল্লাহে কৈছেঃ মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিৱৰ্তনীয়, লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ। (ছুৰা মুহাম্মদঃ ১৫)