- মুছলিমৰ দুআ কেতিয়াও ব্যৰ্থ নহয়, কিন্তু নিয়ম-নীতি আৰু চৰ্ত সাপেক্ষে। সেয়ে বান্দাই বেছি বেছি দুআ কৰা উচিত আৰু কবূল হোৱাকলৈ খৰখেদা কৰা উচিত নহয়।
- দুআৰ উত্তৰ কেৱল দুআ কৰা বিষয়ৰ প্ৰাপ্তিৰ সৈতেই সীমিত নহয়। বৰং ইয়াৰ ফলত তাৰ গুনাহো ক্ষমা হ'ব পাৰে অথবা আখিৰাতৰ বাবে জমা কৰি ৰখা হ'ব পাৰে।
- ইবনে বাজ ৰাহিমাহুল্লাহে কৈছেঃ কাকূতি-মিনতি কৰা, আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা, নিৰাশ নোহোৱা আদি হৈছে দুআ কবূল হোৱাৰ অন্যতম উপায়। সেয়ে দুআ কৰাৰ সময়ত কাকূতি-মিনতি কৰি দুআ কৰিব লাগে, আৰু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিব লাগে। লগতে এই কথা মনত ৰখা উচিত যে, মহান আল্লাহ সৰ্বশক্তিমান, সৰ্বজ্ঞ। তেওঁ কেতিয়াবা নিজৰ হিকমত অনুযায়ী সোনকালেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা হিকমত অনুযায়ী বিলম্বিত কৰে। লগতে তেওঁ প্ৰাৰ্থীয়ে বিচৰাতকৈও উত্তম প্ৰতিদান প্ৰদান কৰে।