- হাদীছ মুখস্থ ৰাখিবলৈ আৰু মানুহৰ মাজত হাদীছৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
- আহলে হাদীছৰ ফজীলত আৰু হাদীছ অন্বেষণকাৰীৰ মৰ্যাদা বৰ্ণিত হৈছে।
- উলামাসকলৰ ফজীলত বৰ্ণিত হৈছে, যিসকলে পুঙ্খানুপুঙ্খভাৱে বুজি হাদীছৰ পৰা মছলা-মাছাঈলৰ সমাধান উলিয়ায়।
- চাহাবাসকলৰ ফজীলত বৰ্ণিত হৈছে, কাৰণ তেওঁলোকেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ শুনি আমালৈ বৰ্ণনা কৰিছে।
- মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছ বৰ্ণনা কৰিবলৈ ফাকীহ হোৱাটো চৰ্ত নহয়। মুখস্থ ৰখাটোহে চৰ্ত। পক্ষান্তৰে ফাকীহ হ'বলৈ ভালকৈ বুজিব লাগিব আৰু চিন্তা গৱেষণা কৰিব পৰা হ'ব লাগিব।
- যিয়েই হাদীছৰ জ্ঞান আহৰণ কৰে, তথা হাদীছ অনুসন্ধান কৰে তেওঁ এই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
- মুহাদ্দিছীনসকলৰ দৃষ্টিত হিফজ হৈছে দুই প্ৰকাৰঃ এটা হৈছে মুখস্থ কৰি ৰখা, আৰু আনটো হৈছে কিতাপ বা বহীত লিপিবদ্ধ কৰি ৰখা। উভয় প্ৰকাৰেই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
- মানুহৰ বোধ শক্তি ভিন ভিন। কেতিয়াবা বৰ্ণনাকাৰীতকৈ শ্ৰৱণকাৰীয়ে ভালকৈ সংৰক্ষণ কৰিব পাৰে। এইদৰে যিয়ে ইল্ম বহন কৰে কেতিয়াবা তেওঁ নিজেই ভালকৈ বুজি নাপায়।