- দ্বীনক মজবুতভাৱে ধাৰণ কৰা অনিবাৰ্য। লগতে কোনো বাধা বিঘিনি সৃষ্টি হোৱাৰ আগতে নেক আমল সোনকালে কৰাটো অনিবাৰ্য।
- হাদীছটোৰ দ্বাৰা ইংগিত কৰা হৈছে যে, শেষ জামানাত বিভ্ৰান্তিকৰ ফিতনা ধাৰাবাহিকভাৱে আহি থাকিব, যেতিয়াই এটা ফিতনাৰ অৱসান ঘটিব, তেতিয়াই আনটো ফিতনাই মূৰ দাঙিব।
- ধৰ্মীয় ক্ষেত্ৰত মানুহ যেতিয়া দুৰ্বল হৈ পৰিব, তেতিয়া মানুহে পাৰ্থিৱ সম্পদ বা এনেকুৱা অন্য বস্তুৰ লোভত নিজৰ দ্বীন ত্যাগ কৰিব, এইটোৱে হ'ব তাৰ বিভ্ৰান্ত হোৱাৰ কাৰণ।
- এই হাদীছটোৱে প্ৰমাণ কৰে যে, ফিতনাৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায় হৈছে নেক আমল কৰা।
- ফিতনা হৈছে দুই প্ৰকাৰঃ এটা হৈছে সংশয়মূলক ফিতনা, ইয়াৰ প্ৰতিকাৰ হৈছে ইল্ম বা জ্ঞান। আনটো ফিতনা হৈছে প্ৰবৃত্তিৰ চাহিদামূলক ফিতনা, ইয়াৰ প্ৰতিকাৰ হৈছে ঈমান আৰু ধৈৰ্য্য।
- হাদীছটোৱে ইংগিত কৰিছে যে, যিয়ে আমলত অৱহেলা কৰে, সি সোনকালে ফিতনাত পতিত হ'ব, আনহাতে যিয়ে বেছি বেছি নেক আমল কৰে, তাক প্ৰতাৰিত কৰা সহজ নহয়, বৰং তেওঁ আৰু বেছিহে নেক আমল কৰিব।