- হাদীছটোত আনন্দদায়ক সময়ত কৃতজ্ঞতা প্ৰকাশ কৰাৰ আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাৰ ফজিলত বৰ্ণিত হৈছে। যিয়ে ইয়াৰ প্ৰতি আমল কৰিব, তেওঁ উভয় জগততে কল্যাণ লাভ কৰিব। আনহাতে যিয়ে নিয়ামতৰ বাবে কৃতজ্ঞতা প্ৰকাশ নকৰে, আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ নকৰে, সি ছোৱাবৰ পৰা বঞ্চিত হয় আৰু ক্ষতিৰ সন্মুখীন হয়।
- ঈমানৰ ফজিলত। কাৰণ কেৱল মুমিনসকলেই সকলো অৱস্থাতে ছোৱাব অৰ্জন কৰে।
- আনন্দদায়ক সময়ত কৃতজ্ঞতা প্ৰকাশ কৰা, আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।
- আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমানে মুমিনক সকলো অৱস্থাতে তেওঁৰ পূৰ্ণ সন্তুষ্টি অৰ্জন কৰিবলৈ উৎসাহিত কৰে। পক্ষান্তৰে ঈমান পোষণ নকৰা ব্যক্তি সদায় আল্লাহৰ ক্ৰোধৰ মাজত থাকে। এতেকে আল্লাহৰ ফালৰ পৰা তেওঁ কোনো নিয়ামত অৰ্জন কৰিলে আল্লাহৰ আনুগত্যৰ পৰা অমনোযোগী হৈ যায়, আনকি তেওঁৰ অবাধ্যতাত লিপ্ত হয়।