- মুমিন বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেওঁ বান্দাসকলৰ দুনিয়াৱী বিপদ-আপদ তথা কষ্টৰ দ্বাৰা তেওঁলোকৰ গুনাহ ক্ষমা কৰে।
- ঈমানৰ চৰ্তৰ সৈতে কেৱল বিপদ-আপদৰ দ্বাৰাই গুনাহ মোচন হয়। যদিহে বান্দাই ধৈৰ্য্য ধাৰণ কৰে আৰু প্ৰতিদানৰ প্ৰতি অসন্তুষ্ট নহয়।
- সকলো ক্ষেত্ৰতে ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। বিষয়টো পছন্দনীয় হওক বা অপছন্দনীয়। আল্লাহে ওৱাজিব কৰা বিষয় পালনত ধৈৰ্য্য ধৰিব লাগে, এইদৰে আল্লাহে হাৰাম কৰা বিষয়ৰ পৰা বিৰত থকাৰ ক্ষেত্ৰতো ধৈৰ্য্য ধাৰণ কৰিব লাগে। লগতে আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব লাগে আৰু তেওঁৰ শাস্তিক ভয় কৰিব লাগে।
- হাদীছটোত "মুমিন আৰু মুমিনা" উভয় শব্দ ব্যৱহাৰ কৰি গুৰুত্ব প্ৰদান কৰা হৈছে, যদিও কেৱল মুমিন শব্দ ব্যৱহাৰ কৰিলেই যথেষ্ট আছিল। কিন্তু গুৰুত্ব বুজাবলৈ নাৰী পুৰুষ উভয়ৰ বাবে শব্দ ব্যৱহাৰ কৰিছে। গতিকে নাৰীৰ ওপৰত অহা বিপদ-আপদেও তেওঁলোকৰ গুনাহ মোচন কৰে।
- যিটো বস্তুৱে সময়ে সময়ে অহা বান্দাৰ মুচিবতক সহজ কৰি তোলে, সেয়া হৈছে এইবোৰ মুচিবতৰ বিনিময়ত পাবলগীয়া ছোৱাব।