- হাদীছটোত মুমিন বান্দাসকলৰ ওপৰত থকা আল্লাহৰ ৰহমত আৰু অনুগ্ৰহৰ বিষয়টো উল্লেখ কৰা হৈছে যে, আল্লাহে তেওঁলোকৰ সৰু কষ্টৰ বিনিময়তো গুনাহ ক্ষমা কৰি দিয়ে।
- গতিকে মুছলিমে প্ৰতিটো ক্ষেত্ৰতে আল্লাহৰ ওচৰত ছোৱাব কামনা কৰা উচিত। লগতে প্ৰত্যেক সৰু বৰ কষ্টতে ধৈৰ্য্য ধাৰণ কৰা উচিত, যাতে তেওঁৰ মৰ্যাদা উন্নীত হয় আৰু পাপ মোচন হয়।