- পানাহাৰ কৰি আল্লাহৰ প্ৰশংসা কৰা মুস্তাহাব।
- হাদীছটোত আল্লাহৰ মহান অনুগ্ৰহৰ কথা বৰ্ণিত হৈছে। তেৱেঁই বান্দাক জীৱিকা দান কৰে আৰু জীৱিকাৰ সকলো উপায় সহজ কৰি দিয়ে, লগতে ইয়াৰ দ্বাৰা বান্দাৰ গুনাহো ক্ষমা কৰি দিয়ে।
- বান্দাৰ সকলো বিষয় আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। বান্দাই নিজৰ শক্তি সামৰ্থৰ দ্বাৰা একো কৰিব নোৱাৰে। বান্দাক কেৱল কাৰণ অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।