- পিঁয়াজ নহৰু আৰু লীক, এই জাতীয় উদ্ভিদ খাই মছজিদত আহিবলৈ নিষেধ কৰা হৈছে।
- ইয়াৰ ভিতৰত প্ৰত্যেক সেই দুৰ্গন্ধযুক্ত বস্তু অন্তৰ্ভুক্ত, যাৰ দ্বাৰা মুচল্লিৰ কষ্ট হয়। উদাহৰণস্বৰূপে বিড়ি, চিগাৰেট, ধঁপাত আদিৰ গোন্ধ।
- নিষেধৰ মূল কাৰণ হৈছে বেয়া গোন্ধ। ৰান্ধিলে অথবা বেলেগ কোনো উপায়ে যদি এই গোন্ধ দূৰ হয়, তেন্তে কোনো অসুবিধা নাই।
- মছজিদত নামাজৰ বাবে অহা ব্যক্তিৰ বাবে এইবোৰ খোৱা অপছন্দনীয়। কিন্তু যদি কোনোবাই জামাআতত চামিল হোৱাৰ পৰা বিৰত থকাৰ কূটকৌশলেৰে এইটো খায় তেন্তে সেয়া হ'ব হাৰাম।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নহৰু খাবলৈ অস্বীকাৰ কৰাৰ অৰ্থ এইটো নহয় যে, এইটো হাৰাম। বৰং তেখেতে জিব্ৰীলৰ সৈতে কথা পাতে কাৰণে খোৱা নাছিল।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিকন পদ্ধতি। তেখেতে বিধান বৰ্ণনা কৰাৰ লগতে কাৰণো উল্লেখ কৰিছে। যাতে সম্বোধনকৃত ব্যক্তিয়ে ৰহস্য সম্পৰ্কে জানি সন্তুষ্ট হয়।
- ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উমালাসকলে মছজিদৰ বাহিৰে অন্যান্য নামাজৰ ঠাইকো ইয়াৰ অন্তৰ্ভুক্ত কৰিছে, উদাহৰণস্বৰূপে ঈদৰ নামাজ, জানাযাৰ নামাজ আদি। এইদৰে ইল্ম অৰ্জনৰ বৈঠক, সভাস্থল আৰু নিমন্ত্ৰণৰ বৈঠক আদিও ইয়াৰ অন্তৰ্ভুক্ত। কিন্তু হাট-বজাৰ বা এইধৰণৰ আন কোনো ঠাই ইয়াৰ অন্তৰ্ভুক্ত নহয়।
- উলামাসকলে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, কেঁচা নহৰু আদি খাই মছজিদত প্ৰৱেশ কৰা নিষেধ, যদিও মছজিদ খালী থাকে। কাৰণ মছজিদত ফিৰিস্তা থাকে। হাদীছটোৰ ব্যাপক অৰ্থ এইটোৱে বুজায়।