- পানাহাৰৰ আদাবসমূহৰ অন্যতম এটা আদব হৈছে, পানাহাৰৰ পূৰ্বে বিছমিল্লাহ কোৱা।
- শিশুসকলক নিয়ম-কানুন শিকোৱা উচিত। বিশেষকৈ অধীনস্থ শিশুসকলক।
- শিশুসকলক নিয়ম-নীতি শিকোৱাৰ ক্ষেত্ৰত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আৰু অতি প্ৰশস্ত হৃদয়ৱান ব্যক্তি আছিল।
- খোৱা-বোৱাৰ অন্যতম এটা নীতি হৈছে নিজৰ ওচৰৰ পৰা খোৱা, কিন্তু যদি প্লেট বা টেবুলত বিভিন্ন পদৰ খাদ্য থাকে তেন্তে সেইবোৰ লোৱাত কোনো অসুবিধা নাই।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱা নিয়ম-নীতিবোৰ চাহাবাসকলে গুৰুত্ব সহকাৰে পালন কৰিছিল। এইটো বুজা গ'ল ওমৰৰ এই কথাৰ দ্বাৰা, তেওঁ কৈছেঃ ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।