- ইছলামী চৰীয়ত অত্যন্ত সহজ-সৰল আৰু সহনশীল। এইটো চৰমপন্থা আৰু নৰমপন্থাৰ মাজত অৱস্থিত এটা মধ্যমপন্থা।
- বান্দাই সাধ্যানুসৰি নিৰ্দেশসমূহ পালন কৰিব লাগে। কোনো ধৰণৰ অৱহেলা নকৰাকৈ আৰু কঠোৰতা অৱলম্বন নকৰাকৈ।
- বান্দাই ইবাদতৰ বাবে সক্ৰিয় সময়ক চয়ন কৰা উচিত। বিশেষকৈ এই তিনিটা সময়ক, এই সময়ছোৱাত ইবাদত কৰিবলৈ শৰীৰ অধিক উপযোগী হৈ থাকে।
- ইবনে হাজাৰ আছক্বালানীয়ে কৈছেঃ এনেকুৱা লাগে যেনিবা তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো ভ্ৰমণকাৰীক তাৰ গন্তব্যস্থল দেখুৱাইছে। এই তিনিওটা সময় ভ্ৰমণকাৰীৰ বাবে উপযুক্ত সময়। সেয়ে তেখেতে এই তিনিটা সক্ৰিয় সময়ৰ প্ৰতি ইংগিত কৰিছে। কিয়নো ভ্ৰমণকাৰীয়ে যদি দিনে ৰাতি ভ্ৰমণৰত অৱস্থাত থাকে তেন্তে সি অপাৰগ হৈ পৰিব। আনহাতে সি যদি এই সক্ৰিয় সময়ত ভ্ৰমণ কৰে তেন্তে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ কুশলে ভ্ৰমণ কৰিব পাৰিব।
- ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ এই হাদীছটোত চৰীয়তে দিয়া অব্যাহতি গ্ৰহণ কৰিবলৈ ইংগিত কৰা হৈছে। কিয়নো য'ত চৰীয়তে বিকল্প সুবিধা দিছে, সেইটো গ্ৰহণ নকৰি মূল বিধান অৱলম্বন কৰাটো হৈছে একপ্ৰকাৰ সীমালংঘন। উদাহৰণস্বৰূপে পানী ব্যৱহাৰ কৰিব নোৱাৰা ব্যক্তিক তায়াম্মুম কৰাৰ সুবিধা প্ৰদান কৰিছে, কাৰণ পানী ব্যৱহাৰ কৰিলে ক্ষতি হোৱাৰ আশংকা আছে, তথাপিও যদি তায়াম্মুম নকৰে তেন্তে এইটো হৈছে সীমালংঘন।
- ইবনুল মুনজিৰে কৈছেঃ এই হাদীছটো হৈছে নুবুওৱতৰ এটা অন্যতম প্ৰতীক। আমিও দেখিছোঁ আৰু আমাৰ পূৰ্বে অতিবাহিত সকলো লোকেই দেখিছে যে, যিয়েই ধৰ্মীয় ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰিছে তথা সীমালংঘন কৰিছে সিয়েই পৰাজিত হৈছে। কিন্তু ইয়াৰ দ্বাৰা পৰিপূৰ্ণৰূপে ইবাদত কৰিবলৈ নিষেধ কৰা হোৱা নাই, কাৰণ এইটো হৈছে এটা প্ৰশংসাযোগ্য কাম। বৰং সীমালংঘনৰ পৰা নিষেধ কৰা হৈছে, এইদৰে উত্তম পথ এৰি নিজকে কষ্টত ৰাখিবলৈ নিষেধ কৰা হৈছে, এইদৰে ফৰজ নামাজত অৱহেলা কৰিবলৈ নিষেধ কৰা হৈছে, যেনে- গোটেই ৰাতি তাহাজ্জুদত ব্যস্ত থাকি ফজৰৰ সময়ত টোপনি যোৱা। অথবা ফৰজ নামাজৰ সময় গুচি যোৱাৰ পিছত তথা সূৰ্য্য উদয় হোৱাৰ পিছত ফজৰৰ নামাজ আদায় কৰা।