- মানুহে নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো আনৰ বাবেও পছন্দ কৰা অনিবাৰ্য। কাৰণ যিয়ে নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবে পছন্দ নকৰিলে ঈমান পৰিপূৰ্ণ নহয় বুলি হাদীছটোত উল্লেখ হৈছে। গতিকে এইটো অনিবাৰ্য হোৱাৰ প্ৰমাণ বহন কৰে।
- বংশীয় ভাতৃত্বতকৈ দ্বীনি ভাতৃত্ববোধ প্ৰাধান্যযোগ্য। ইয়াৰ অধিকাৰ বেছি গুৰুত্বপূৰ্ণ।
- এই মুহাব্বতৰ পৰিপন্থী সকলো কথা আৰু কৰ্ম, যেনে- প্ৰৱঞ্চনা, সমালোচনা, হিংসা, শত্ৰুতা, প্ৰাণৰ প্ৰতি, ধন-সম্পদৰ প্ৰতি আৰু মান-মৰ্যাদাৰ প্ৰতি অন্যায়-অত্যাচাৰ কৰা হাৰাম।
- কিছুমান শব্দ ব্যৱহাৰ হয় কৰ্মৰ প্ৰতি উৎসাহিত কৰিবলৈ, যেনে- হাদীছটোত ব্যৱহাৰ হৈছে "নিজৰ ভাতৃ"।
- কিৰমানী ৰাহিমাহুল্লাহে কৈছেঃ এইটোও ঈমানৰ অন্তৰ্ভুক্ত যে, নিজৰ বাবে যিটো অপছন্দনীয় সেইটো আনৰ বাবেও অপছন্দ কৰিব লাগে। যদিও হাদীছটোত উল্লেখ নাই, কিন্তু পছন্দৰ বিপৰীত অৰ্থ হৈছে অপছন্দ। গতিকে এই হাদীছটোৱে ইয়াৰ প্ৰমাণৰ বাবে যথেষ্ট।