- মানুহৰ ঈমানত তাৰতম্য আছে।
- আমলৰ ক্ষেত্ৰত শক্তিশালী হোৱাটো পছন্দনীয়। কাৰণ শক্তি সামৰ্থৰ দ্বাৰা যি উপকাৰ লাভ হয়, দুৰ্বলতাৰ দ্বাৰা সেইটো নহয়।
- মানুহে সদায় উপকাৰী বিষয়ত আগ্ৰহী হোৱা উচিত, পক্ষান্তৰে অপকাৰী তথা অপ্ৰয়োজনীয় বিষয়বোৰ পৰিত্যাগ কৰা উচিত।
- মুমিনে প্ৰতিটো কামতে আল্লাহৰ সহায় প্ৰাৰ্থনা কৰিব লাগে, কেৱল নিজৰ ওপৰত ভৰসা কৰা উচিত নহয়।
- হাদীছটোৰ দ্বাৰা তাক্বদীৰ সাব্যস্ত হৈছে, আৰু তাক্বদীৰ কেতিয়াও উপায় অৱলম্বন কৰা তথা কল্যাণৰ বাবে চেষ্টা কৰাৰ পৰিপন্থী নহয়।
- বিপদ-আপদৰ সময়ত খঙতে হওক বা পৰিতাপ কৰিয়ে হওক "যদি" শব্দ ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে। লগতে তাক্বদীৰ আৰু আল্লাহৰ সিদ্ধান্তৰ ওপৰত অভিযোগ কৰিবলৈ হাৰাম কৰা হৈছে।