- মছজিদত জামাআতৰ সৈতে নামাজ পঢ়াৰ গুৰুত্ব। নিয়মিতভাৱে চালাত আদায় কৰা আৰু অৱহেলাৰ পৰা বিৰত থকা।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম উপস্থাপন। তেখেতে চাহাবাসকলক মহা ছোৱাবৰ বিষয়ে শিকাবলৈ প্ৰশ্নাকাৰে উত্থাপন কৰি তেওঁলোকক উৎসাহিত কৰিছিল। এইটো হৈছে শিকোৱাৰ অন্যতম এটা পদ্ধতি।
- প্ৰশ্নোত্তৰ আকাৰে কোনো বিষয় উত্থাপন কৰাৰ এটা উপকাৰ হৈছে এই যে, বিষয়টো প্ৰথমে উহ্য ৰাখি পিছত ব্যাখ্যা কৰাৰ ফলত বিষয়টো গভীৰভাৱে হৃদয়ংগম হয়।
- নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ এইটোৱে হৈছে সেই ৰিবাত (পহৰা), যিটোৰ প্ৰতি উৎসাহিত কৰা হৈছে। ৰিবাতৰ মূল হৈছে, কোনো বস্তুক আৱদ্ধ কৰি ৰখা। সেয়ে ইয়াত ৰিবাত ব্যৱহাৰ কৰা হৈছে, কাৰণ তেওঁ নিজকে আনুগত্যৰ নিমিত্তে আৱদ্ধ কৰিছে। আনকি এইটোও কোৱা হৈছে যে, এইটোৱে হৈছে সৰ্বোত্তম ৰিবাত। যিদৰে নফছৰ লগত কৰা সংগ্ৰামক জিহাদ বুলি কোৱা হৈছে। এইটোও হ'ব পাৰে যে, এই ৰিবাত হৈছে সহজ তথা সকলোৰে বাবে সম্ভৱ। অৰ্থাৎ এইটোও হৈছে এটা ৰিবাতৰ প্ৰকাৰ।
- ৰিবাত শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ, লগতে (ال) সৈতে নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা এইবোৰ আমলৰ মৰ্যাদাৰ প্ৰতি ইংগিত কৰা হৈছে।