- চাহাবাসকল সেইবোৰ গুণ শিকিবলৈ খুবেই আগ্ৰহী আছিল যিবোৰ গুণৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতত উপকাৰ হয়।
- ছালাম প্ৰদান কৰা আৰু আনক খাদ্য খুওৱা গুণটো হৈছে ইছলামৰ অন্যতম উত্তম আমল। ইছলামত ইয়াক বহুত গুৰুত্ব দিয়া হৈছে, কাৰণ এইটো সকলো সময়তে প্ৰয়োজন।
- এই দুয়োটা বৈশিষ্ট্যৰ ভিতৰত কথা আৰু কৰ্মৰ দ্বাৰা কৰা উপকাৰ অন্তৰ্ভুক্ত হৈ আছে। এইটোৱে হৈছে পূৰ্ণাংগ এহছান।
- এইবোৰ হৈছে মুছলিমসকলৰ মাজৰ পৰস্পৰ ব্যৱহাৰিক সম্পৰ্কীয় বৈশিষ্ট্য। ইয়াৰ বাহিৰেও বান্দা আৰু তাৰ প্ৰতিপালকৰ সৈতে সম্পৰ্কীয় বহুতো বৈশিষ্ট্য আছে।
- ছালাম কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ বিষয়টো কেৱল মুছলিমসকলৰ মাজতে নিৰ্দিষ্ট। গতিকে অমুছলিমসকলক প্ৰথমে ছালাম কৰা উচিত নহয়।