- জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে ঈমান অনিবাৰ্য।
- পৰিপূৰ্ণ ঈমানৰ অন্যতম এটা পৰিচয় হৈছে এই যে, মুছলিমে নিজৰ ভাতৃৰ বাবে সেইটোৱে পছন্দ কৰা যিটো সি নিজৰ বাবে পছন্দ কৰে।
- ছালাম প্ৰচাৰ কৰা আৰু মুছলিমসকলক ছালাম দিয়া মুস্তাহাব। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ মাজত শান্তি বিস্তাৰ কৰে।
- ছালাম কেৱল মুছলমানকহে দিব লাগে। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত "بينكم" (তোমালোকৰ মাজত) শব্দ ব্যৱহাৰ কৰিছে।
- ছালাম আদান-প্ৰদানৰ ফলত সম্পৰ্ক ছিন্ন, কথা-বতৰা বৰ্জন আৰু বিদ্বেষ আদি নিঃশেষ হৈ যায়।
- মুছলিমসকলৰ মাজত মুহাব্বতৰ গুৰুত্ব, আনকি ইয়াক ঈমানৰ পৰিপূৰ্ণতাৰ সৈতে সম্পৃক্ত কৰা হৈছে।
- আন এটা হাদীছত আহিছে যে, ছালামৰ সম্পূৰ্ণ বাক্য হৈছে (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ), আনহাতে কেৱল (আচ্ছালামু আলাইকুম) ক'লেও যথেষ্ট হ'ব।