- আৰ্থিকভাৱে হওক বা নৈতিকভাৱে আনক কষ্ট দিয়া কৰ্মৰ পৰা বিৰত থকাৰ মাধ্যমতহে প্ৰকৃত মুছলিম হোৱা সম্ভৱ।
- হাদীছটোত কেৱল হাত আৰু জিভাৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, এই দুটাৰ দ্বাৰাই অধিকাংশ গুনাহ সংঘটিত হয়।
- হাদীছটোৰ দ্বাৰা গুনাহ পৰিত্যাগ কৰিবলৈ আৰু আল্লাহৰ বিধান মতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
- উত্তম মুছলিম হৈছে সেইজন, যিয়ে আল্লাহৰ অধিকাৰ আৰু মুছলিমসকলৰ অধিকাৰ সুচাৰুৰূপে পালন কৰে।
- অন্যায়-অত্যাচাৰ কথাৰ দ্বাৰাও হ'ব পাৰে আৰু কৰ্মৰ দ্বাৰাও হ'ব পাৰে।
- পৰিপূৰ্ণ হিজৰত হৈছে আল্লাহে হাৰাম কৰা বস্তুৰ পৰা হিজৰত কৰা।