- সত্যবাদিতা হৈছে এটা উৎকৃষ্ট শিষ্টাচাৰ। এইটো অৰ্জন কৰিবলৈ অত্যন্ত কষ্ট আৰু মেহনতৰ প্ৰয়োজন হয়। বান্দাই যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, অৱশেষত তেওঁ সততাত অভ্যস্ত হৈ পৰে আৰু তেওঁৰ স্বভাৱত পৰিণত হয়, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী পুণ্যৱান হিচাপে নামকৰণ কৰা হয়।
- মিছা কথা হৈছে এটা নিকৃষ্ট আচৰণ, দীৰ্ঘদিনীয়া অভ্যাস আৰু কথা আৰু কৰ্মৰ অধ্যৱসায়ৰ জৰিয়তে এই আচৰণ স্বভাৱত পৰিণত হয়। অৱশেষত এই চৰিত্ৰত অভ্যস্ত হৈ পৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।
- সততাৰ জৰিয়তে ইয়াত সত্য কথাক বুজোৱা হৈছে, এইটো হৈছে মিছা কথাৰ পৰিপন্থী। নিয়্যতৰ ক্ষেত্ৰত সততা হৈছে ইখলাচ। সংকল্পৰ ক্ষেত্ৰত সততা হৈছে কল্যাণকৰ কামৰ নিয়্যত কৰা, এইদৰে কৰ্মৰ ক্ষেত্ৰতো সততা আছে, ইয়াৰ নূন্যতম স্তৰ হৈছে, বাহ্যিক আৰু আভ্যন্তৰীণ উভয় অৱস্থাকে একেই ৰখা। এইদৰে ভয়-ভীতি আৰু আশাৰ ক্ষেত্ৰতো সততা থাকিব লাগে। যিয়ে এইবোৰ শিষ্টাচাৰ অৱলম্বন কৰিব, তেওঁ সত্যবাদী হিচাপে বিবেচিত হ'ব।