- আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি ঈমানেই হৈছে সকলো কল্যাণৰ মূল। ই মানুহক ভাল কাম কৰিবলৈ উৎসাহিত কৰে।
- জিভাৰ দ্বাৰা হোৱা ভুল-ত্ৰুটিৰ পৰা সতৰ্ক কৰা হৈছে।
- ইছলাম ধৰ্ম হৈছে মুহাব্বত আৰু সন্মানৰ ধৰ্ম।
- উক্ত বৈশিষ্ট্যসমূহ ঈমানৰ শাখা-প্ৰশাখা আৰু প্ৰশংসনীয় শিষ্টাচাৰৰ অন্তৰ্ভুক্ত।
- অলাগতীয়াল তথা অধিক কথা কোৱা প্ৰৱণতাই বেছিভাগ ক্ষেত্ৰতে অপছন্দনীয় তথা হাৰাম কৰ্মৰ প্ৰতি ধাৱিত কৰে। সেয়ে কল্যাণকৰ কথাৰ বাহিৰে মৌন হৈ থকাটোৱে নিৰাপদ।