- ইবনু দাক্বীক্বুল ঈদে কৈছেঃ এইটো এটা মহান হাদীছ। ইয়াত বিভিন্ন জ্ঞান, নিয়ম-নীতি আৰু বৈশিষ্ট্য একত্ৰিত কৰা হৈছে। ইয়াত মুছলিমসকলৰ প্ৰয়োজন পূৰণৰ গুৰুত্ব আৰু সক্ষম অনুযায়ী তেওঁলোকক উপকাৰ কৰাৰ ফজীলত বৰ্ণিত হৈছে। সেয়া হওক, জ্ঞান, ধন-সম্পদ, সহায়-সহযোগিতা, অথবা কল্যাণৰ দিশ-নিৰ্দেশনা নাইবা কোনো সৎ পৰামৰ্শ অথবা অন্য কিবা।
- কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক অৱকাশ দিবলৈ উৎসাহিত কৰা হৈছে।
- মুছলিম ব্যক্তিক সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে। মহান আল্লাহে সহায়কাৰীক সেই অনুপাতেই সহায় কৰে, যিদৰে তেওঁ নিজৰ ভাতৃক সহায় কৰে।
- মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰাৰ এটা অৰ্থ এইটোও যে, তেওঁলোকৰ গোপনীয়তা অনুসন্ধান নকৰা। কিছুমান ছালাফৰ পৰা বৰ্ণিত আছে যে, মই এনেকুৱা কিছুমান লোকক পাইছোঁ, যিসকলৰ কোনো দোষ-ত্ৰুটি নাছিল। কিন্তু যেতিয়া তেওঁলোকে মানুহৰ দোষ-ত্ৰুটি উল্লেখ কৰা আৰম্ভ কৰিলে, তেতিয়া মানুহেও তেওঁলোকৰ দোষ-ত্ৰুটি ৰাজহুৱা কৰিলে। পক্ষান্তৰে কিছুমান লোকক পাইছোঁ, যিসকলৰ দোষ-ত্ৰুটি আছিল, কিন্তু তেওঁলোকে কেতিয়াও মানুহৰ দোষ-ত্ৰুটি গাই ফুৰা নাছিল, ফলত তেওঁলোকৰ দোষ-ত্ৰুটিও ৰাজহুৱা হোৱা নাছিল।
- মানুহৰ দোষ-ত্ৰুটি লুকুৱাই ৰখাৰ অৰ্থ এইটো নহয় যে, দোষ-ত্ৰুটি সংশোধন নকৰাকৈ এনেই এৰি দিব লাগে। বৰং ইয়াক সংশোধন কৰি লুকুৱাই ৰাখিব লাগে। এইটো সেইসকল লোকৰ বাবে, যিসকল লোক দুৰ্নীতি আৰু অত্যাচাৰত লিপ্ত নহয়। কিন্তু যিসকলে অন্যায়-অত্যাচাৰ তথা দুৰ্নীতিত লিপ্ত, সিহঁতৰ দোষ-ত্ৰুটি লুকুৱাই ৰখা উচিত নহয়, বৰং সিহঁতৰ বিষয়টো কৰ্তৃত্ব থকা লোকসকলৰ ওচৰলৈ লৈ যোৱা উচিত, যিসকল এই ক্ষেত্ৰত দায়িত্বশীল। কাৰণ সিহঁতৰ বিষয়টো লুকুৱাই ৰাখিলে সিহঁতৰ দুৰ্নীতি বৃদ্ধি পাব, আৰু মানুহৰ অধিক ক্ষতি কৰিব পাৰে, লগতে অন্যান্য দুষ্ট তথা স্বৈৰাচাৰীসকলেও উৎসাহ পাব।
- জ্ঞান অৰ্জন কৰিবলৈ আৰু কোৰআন তিলাৱত আৰু ইয়াৰ চৰ্চা কৰিবলৈ উৎসাহিত কৰা হৈছে।
- ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত মছজিদত বহি কোৰআন তিলাৱত কৰাৰ ফজীলত বৰ্ণিত হৈছে। এইদৰে মছজিদৰ বাহিৰেও এই ফজীলত লাভৰ বাবে মাদ্ৰাছা, দ্বীনি বৈঠক বা আন কোনো অনুৰূপ ঠাইত একেলগে পাঠ কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত।
- মহান আল্লাহে আমল অনুসৰি প্ৰতিদান দিয়ে, বংশৰ ওপৰত ভিত্তি কৰি নহয়।