- মানৱ শৰীৰৰ প্ৰতিটো গাঁঠি আল্লাহৰ নিয়ামতসমূহৰ মাজৰ এটা মহান নিয়ামত। গতিকে প্ৰতিটো গাঁঠিৰ বিপৰীতে বান্দাই চাদাক্বাহ কৰা উচিত। যাতে বান্দাই এই নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰে।
- দৈনিক এই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে। যাতে এই নিয়ামত অব্যাহত থাকে।
- দৈনিক নফল ইবাদত আৰু দান-খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে।
- মানুহৰ মাজত মীমাংসা কৰি দিয়াৰ গুৰুত্ব।
- ইজনে সিজনক সহায়-সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ সহায়-সহযোগ কৰাটোও হৈছে চাদাক্বাহ।
- মছজিদ আবাদ কৰা, তথা জামাতত চামিল হ'বলৈ খোজকাঢ়ি যাবলৈ উৎসাহিত কৰা হৈছে।
- মুছলিমসকলক কষ্ট দিব পৰা বা ক্ষতি কৰিব পৰা সকলো প্ৰকাৰ বস্তু পথৰ পৰা আঁতৰাই দিয়াটো জৰুৰী।