ব্যাখ্যা
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, চাহাবাসকলৰ সন্মুখত জিব্ৰীল আলাইহিচ্ছালাম মানুহৰ ৰূপত আহি উপস্থিত হ'ল, তেওঁৰ কাপোৰবোৰ আছিল অত্যন্ত শুভ্ৰ তথা বগা আৰু চুলিবোৰ আছিল অত্যন্ত ক'লা। কিন্তু তেওঁৰ ওপৰত ভ্ৰমণ কৰি অহাৰ কোনো চিন ছাপ নাছিল, ধুলি বালিও লগা নাছিল, চুলিবোৰো অপৰিপাটি নাছিল, পৰিধান কৰা কাপোৰখিনিতো কোনো ভ্ৰমণৰ প্ৰভাৱ নাছিল, আনহাতে উপস্থিত লোকসকলৰ কোনেও তেওঁক চিনি পোৱা নাছিল। তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল। তেওঁ আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত ছাত্ৰৰ দৰে বহিলে, আৰু তেখেতক ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিলে, তেখেতে উত্তৰত ইয়াৰ আৰকান কেইটা উল্লেখ কৰি ক'লে যে, শ্বাহাদাতাইনৰ স্বীকৃতি দিয়া, পাঁচ ওৱাক্ত নামাজ প্ৰতিষ্ঠা কৰা, জাকাত খোৱাৰ উপযুক্ত ব্যক্তিলৈ জাকাত আদায় কৰা, ৰমাজান মাহৰ ৰোজা পালন কৰা, সক্ষম ব্যক্তিয়ে ফৰজ হজ্জ পালন কৰা।
প্ৰশ্নকাৰীয়ে ক'লেঃ আপুনি ঠিকেই কৈছে, এই শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে। কাৰণ প্ৰশ্ন কৰাৰ সময়ত এনেকুৱা লাগিল যেনিবা তেওঁ একো নাজানে, কিন্তু উত্তৰ শুনি উত্তৰক সঠিক বুলি কৈ সমৰ্থন কৰিছে।
ইয়াৰ পিছত তেওঁ ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেখেতে উত্তৰত ঈমানৰ এই ছয়টা আৰকান উল্লেখ কৰিলে। আল্লাহৰ অস্তিত্ব আৰু তেওঁৰ গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, সকলো ক্ষেত্ৰতে তেওঁক একক বুলি স্বীকাৰ কৰা, যেনে- সৃষ্টি কৰাৰ ক্ষেত্ৰত, ইবাদত আদিৰ ক্ষেত্ৰত। এইদৰে ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা যিসকলক আল্লাহে নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোক আল্লাহৰ সন্মানীয় বান্দা, তেওঁলোকে কেতিয়াও আল্লাহৰ অবাধ্যতা নকৰে, আল্লাহে যি আদেশ দিয়ে সেইটোৱে পালন কৰে। এইদৰে আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা। যেনে- কোৰআন, তাওৰাত, ইঞ্জীল আদি। এইদৰে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, যিসকলে আল্লাহৰ ফালৰ পৰা লৈ অহা দ্বীন প্ৰচাৰ কৰিছিল। তেওঁলোকৰ মাজৰ অন্যতম হৈছে নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা আলাইহিমুচ্ছালাম আৰু সৰ্বশেষ নবী তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰা, মৃত্যুৰ পিছত হ'বলগীয়া কবৰৰ অৱস্থা আৰু বাৰঝাাখী জিন্দেগী ইয়াৰেই অন্তৰ্ভুক্ত। কাৰণ মানুহক মৃত্যুৰ পিছত পুনৰুত্থিত কৰা হ'ব আৰু হিচাপ-নিকাচ লোৱা হ'ব, ইয়াৰ পিছত তাৰ ঠিকনা হ'ব জান্নাত অন্যথা জাহান্নাম। লগতে ঈমান ৰাখিব লাগিব যে, আল্লাহে তেওঁৰ জ্ঞান অনুযায়ী আৰু হিকমত অনুযায়ী প্ৰতিটো বস্তুৰে পূৰ্বেই ভাগ্য নিৰ্ধাৰণ কৰি ৰাখিছে তথা লিপিবদ্ধ কৰি ৰাখিছে। সেইমতেই প্ৰতিটো বস্তু সংঘটিত হয়। ইয়াৰ পিছত তেওঁ ইহছান সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে, ইহছান হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা। যদি এই অনুভৱ মনলৈ নাহে তেন্তে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা যে, আল্লাহে তোমাক দেখি আছে। প্ৰথমটো হৈছে মুশ্বাহাদা, আৰু দ্বিতীয়টো হৈছে মুৰাক্বাবাহ, মুৰাক্বাবাতকৈ মুশ্বাহাদা উচ্চপৰ্যায়ৰ।
ইয়াৰ পিছত তেওঁ প্ৰশ্ন কৰিলে, কিয়ামত কেতিয়া সংঘটিত হ'ব? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ সঠিক জ্ঞান আল্লাহে তেওঁৰ ইল্মৰ জৰিয়তে গোপন ৰাখিছে, কোনো সৃষ্টিয়েই সেই বিষয়ে অৱগত নহয়। প্ৰশ্নকাৰীয়েও নাজানে আৰু যাক প্ৰশ্ন কৰা হৈছে তেৱোঁ নাজানে।
ইয়াৰ পিছত তেওঁ কিয়ামতৰ আলামত সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে যে, ইয়াৰ অন্যতম আলামত হৈছে দাসী আৰু সিহঁতৰ সন্তানৰ সংখ্যা বৃদ্ধি হ'ব, আৰু সন্তান মাকৰ অবাধ্য হ'ব আনকি মাকৰ সৈতে দাসীৰ দৰে ব্যৱহাৰ কৰিব, এইদৰে দুখীয়া দৰিদ্ৰ ছাগলী চৰোৱা ব্যক্তিয়ে শেষ জামানাত ধন-সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা লাভ কৰিব, আৰু সিহঁতে নিজৰ অট্টালিকা আদিৰ সৌন্দৰ্য্য আৰু মজবুতিকলৈ অহংকাৰ কৰিব।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰশ্নকাৰী ব্যক্তিজন আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ চাহাবাসকলক দ্বীন সম্পৰ্কে জ্ঞান দিবলৈ আহিছিল।