- মুনাফিকৰ কেইটামান আলামত বৰ্ণনা কৰা হৈছে, মানুহক সতৰ্ক কৰিবলৈ তথা ভয় দেখুৱাবলৈ, যাতে সিহঁতে ইয়াত পতিত নহয়।
- হাদীছটোৰ সাৰাংশ হৈছে এই যে, এইবোৰ হৈছে মুনাফিকৰ বৈশিষ্ট্য। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি হৈছে মুনাফিক সদৃশ আৰু সি সিহঁতৰ চৰিত্ৰৰ অনুসৰণ কৰে। কাৰণ ইছলামত প্ৰকৃত মুনাফিক হৈছে সেইজন, যিয়ে ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰাখে। কিছুমানে কৈছেঃ সেই ব্যক্তিকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়, যিয়ে এইবোৰ বৈশিষ্ট্যৰ দ্বাৰা অভ্যস্থ হৈ পৰিছে, তথা এনেকুৱা ক্ষেত্ৰত অৱহেলা কৰে আৰু বিষয়টোক লঘু বুলি গণ্য কৰে। যিয়ে এনেকুৱা ধাৰণা পোষণ কৰে, সি দৰাচলতে বেয়া আক্বীদাৰ অধিকাৰী।
- গাজ্জালীয়ে কৈছেঃ মূল ধৰ্ম তিনিটা বিষয়ত সীমাবদ্ধ। কথা, কৰ্ম আৰু নিয়্যত। সেয়ে বেয়া কথা অৰ্থাৎ মিছা কথাৰ পৰা, বেয়া কৰ্ম অৰ্থাৎ বিশ্বাসঘাতকতাৰ পৰা আৰু বেয়া নিয়্যত অৰ্থাৎ প্ৰতিশ্ৰুতি ভংগৰ পৰা সতৰ্ক কৰা হৈছে। কিন্তু যদি তেওঁ প্ৰতিশ্ৰুতি পালনত দৃঢ়প্ৰতিজ্ঞ আছিল, তাৰ পিছত কিবা বাধাৰ সন্মুখীন হোৱাৰ বাবে অথবা কোনো বিশেষ মতামত প্ৰকাশ হোৱাৰ বাবে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য বুলি গণ্য নহ'ব।
- নিফাক দুই প্ৰকাৰঃ আক্বীদাগত নিফাক, ইয়াৰ ফলত ঈমানৰ পৰা বহিষ্কাৰ হৈ যায়। সেয়া হৈছে, নিজকে মুছলিম বুলি পৰিচয় দিয়া আৰু অন্তৰত কুফৰী গোপন ৰখা। দ্বিতীয়টো হৈছে, আমলী নিফাকঃ এইটো হৈছে মুনাফিকসকলৰ চৰিত্ৰৰ সৈতে দিয়া সাদৃশ্যমূলক নিফাক। ইয়াৰ ফলত বান্দা ঈমানৰ পৰা বহিষ্কৃত নহয়। বৰং এইটো হৈছে এটা ডাঙৰ গুনাহ বা মহাপাপ।
- ইবনু হাজাৰে কৈছেঃ উলামসকল এই কথাত একমত যে, যদি কোনো ব্যক্তি অন্তৰেৰে ঈমান পোষণ কৰে, আৰু মুখেৰে স্বীকৃতি দিয়ে, লগতে তেওঁ যদি এনেকুৱা বৈশিষ্ট্যৰো অধিকাৰী হয় তেন্তে তাৰ ওপৰত কুফৰীৰ বিধান প্ৰয়োগ কৰা নহ'ব, আৰু তেওঁক চিৰস্থায়ীভাৱে জাহান্নামত নিক্ষিপ্ত হ'বলগীয়া মুনাফিক বুলিও গণ্য কৰা নহ'ব।
- নাৱাৱীয়ে কৈছেঃ উলামাসকলৰ এটা গোষ্ঠিয়ে কৈছে, ইয়াৰ দ্বাৰা সেইসকল মুনাফিকক বুজোৱা হৈছে যিসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত আছিল, সিহঁতে নিজকে মুমিন বুলি প্ৰকাশ কৰিছিল কিন্তু সেয়া আছিল মিছা কথা। সিহঁতক ধৰ্মীয় আমানত দিয়া হৈছিল কিন্তু সিহঁতে বিশ্বাসঘাতকতা কৰিছিল, দ্বিনী ক্ষেত্ৰত সিহঁতে প্ৰতিশ্ৰুতি দিয়াৰ পিছত সেয়া ভংগ কৰিছিল। তৰ্ক বিতৰ্কত সিহঁতে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছিল।