/ নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে।

নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে।

শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুটা বস্তু আয়ত্ত কৰি ৰাখিছোঁ, তেখেতে কৈছেঃ নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা, আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।
(মুছলিম)

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে আমাৰ ওপৰত প্ৰতিটো বস্তুৰ প্ৰতি ইহছান কৰিবলৈ অনিবাৰ্য কৰিছে। ইহছান হৈছেঃ এই কথা মনত ৰখা যে, আল্লাহে আমাক চাই আছে। এই কথাটো প্ৰত্যেক ক্ষেত্ৰতে মনত ৰাখিব লাগিব, ইবাদতৰ ক্ষেত্ৰতেই হওক, কোনো কল্যাণকৰ কাম কৰাৰ ক্ষেত্ৰতেই হওক বা সৃষ্টিক বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতেই হওক। এইদৰে হত্যা আৰু জবেহ কৰাৰ ক্ষেত্ৰতো মনত ৰখা উচিত যে, আল্লাহে আমাক চাই আছে। কিচাচ বা মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়তো এই কথা মনত ৰাখিব লাগিব, যাতে এই শাস্তি সহজে আৰু দ্ৰুততাৰে বিহা হয়, দণ্ডপ্ৰাপ্ত ব্যক্তিয়ে যাতে অধিক কষ্ট অনুভৱ কৰিব নোৱাৰে। জবেহ কৰাৰ সময়ত ইহছান কৰাৰ অৰ্থ হৈছেঃ জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, লগতে এই কথা মনত ৰাখিব লাগিব যে, জবেহ কৰিবলগীয়া জন্তুৰ সন্মুখত যাতে ছুৰি চোকা কৰা নহয়। লগতে অন্যান্য় জন্তুৰ সন্মুখতো যাতে জবেহ কৰা নহয়।

Hadeeth benefits

  1. সৃষ্টিৰ প্ৰতি সৰ্বশক্তিমান আল্লাহৰ কৃপা আৰু দয়া।
  2. চৰীয়তে নিৰ্ধাৰণ কৰা পদ্ধতিৰে উত্তমভাৱে হত্যা কৰা তথা জবেহ কৰা।
  3. চৰীয়তৰ পৰিপূর্ণতা আৰু পৰিপক্কতা এই যে, ইয়াৰ ভিতৰত যাৱতীয় কল্যাণ অন্তৰ্ভুক্ত আছে। তাৰেই এটা উদাহৰণ হৈছে, জন্তুৰ প্রতিও দয়া কৰা আৰু সেইবোৰৰ প্ৰতি সদয় হোৱা।
  4. (যুুদ্ধ ক্ষেত্ৰতে হওক বা মৃত্যুদণ্ড প্ৰদানৰ পিছতে হওক) হত্যাৰ পিছত মানুহৰ কোনো অংগক বিকৃত কৰিবলৈ নিষেধ কৰা হৈছে।
  5. জীৱ-জন্তুক যিকোনো প্ৰকাৰৰ শাস্তি বিহা হাৰাম।