- নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ এইটো চৰীয়তৰ এটা অন্যতম প্ৰসিদ্ধ নিয়ম যে, সন্মানীয় তথা উত্তম সকলো প্ৰকাৰ কাম যেনে- কাপোৰ পৰিধান কৰা, পেণ্ট বা পায়জামা পৰিধান কৰা, মোজা পৰিধান কৰা, মছজিদত প্ৰৱেশ কৰা, মিছৱাক কৰা, কাজল দিয়া, নখ কটা, মোচ কটা, মূৰৰ চুলি ফণিওৱা, কাষলতিৰ নোম পৰিষ্কাৰ কৰা, মূৰ খোৰোৱা, নামাজত ছালাম ফিৰোৱা, পৱিত্ৰতা অৰ্জন কৰিবলৈ শৰীৰৰ অংগ ধোৱা, শৌচালয়ৰ পৰা ওলোৱা, পানাহাৰ কৰা, মুচাফাহা কৰা, হাজৰে আছৱাদ স্পৰ্শ কৰা ইত্যাদি সকলো উত্তম কামতে সোঁফালৰ পৰা আৰম্ভ কৰা মুস্তাহাব তথা পছন্দনীয়। পক্ষান্তৰে ইয়াৰ বিপৰীত ক্ষেত্ৰত যেনে- শৌচালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত, মছজিদৰ পৰা বাহিৰ হোৱাৰ ক্ষেত্ৰত, শৌচ-প্ৰস্ৰাৱৰ পিছত পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, কাপোৰ খোলাৰ ক্ষেত্ৰত, মোজা আদি খোলাৰ ক্ষেত্ৰত বাওঁ ফালেৰে আৰম্ভ কৰা মুস্তাহাব তথা পছন্দনীয়। ইয়াৰ কাৰণ হৈছে সোঁ হাত আৰু সোঁফাল হৈছে সন্মানীয়।
- হাদীছৰ শব্দ "يعجبه التيمن" অৰ্থাৎ তেখেতে সোঁফালক পছন্দ কৰিছিল। অৰ্থাৎ সোঁ হাতেৰে আৰু সোঁ ভৰিৰে কাম আৰম্ভ কৰিছিল আৰু সোঁফালেৰে আৰম্ভ কৰিছিল, লগতে সোঁহাতেৰে দিয়া লোৱা কৰিছিল।
- নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ অজুৰ কেইটামান অংগ ধোৱাৰ ক্ষেত্ৰত সোঁফাল পছন্দনীয় বুলি কোনো কথা নাই। যেনে- দুই কাণ, দুই হাতৰ পতা, দুই গাল আদি, বৰং এইবোৰ এবাৰতেই ধুব লাগে। যদি কোনোবাই অক্ষম হয়, যেনে- কোনো হাত কটা ব্যক্তি আদি, তেন্তে সোঁফালেৰে আৰম্ভ কৰা উচিত।