- স্বামী-স্ত্ৰীৰ আওৰাৰ বাহিৰে বেলেগৰ আওৰাৰ (লজ্জাস্থানৰ) প্ৰতি দৃষ্টিপাত কৰা নিষিদ্ধ।
- ইছলামে সুস্থ আৰু পৱিত্ৰ সমাজ গঢ়াৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে, লগতে অশ্লীলতাৰ সকলো দুৱাৰ বন্ধ কৰি দিছে।
- প্ৰয়োজনত কামভাৱ নোহোৱাকৈ আওৰাৰ প্ৰতি দৃষ্টিপাত কৰা বৈধ, যেনে- চিকিৎসাৰ ক্ষেত্ৰত।
- মুছলিমসকলক নিজৰ আওৰাহ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, আৰু আনৰ আওৰাহৰ পৰা দৃষ্টি সংযত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষক পুৰুষৰ সৈতে আৰু নাৰীক নাৰীৰ সৈতে উল্লেখ কৰিছে। কাৰণ এই অৱস্থাক মানুহে নিচেই সাধাৰণ বুলি গণ্য কৰি বেলেগৰ সন্মুখত নিজৰ আওৰাহ উন্মুক্ত কৰে আৰু দৃষ্টিপাত কৰে।