- ঘৰক আল্লাহৰ ইবাদতৰ পৰা শূন্য ৰাখিবলৈ নিষেধ কৰা হৈছে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰাৰ উদ্দেশ্যে ভ্ৰমণ কৰি যাবলৈ নিষেধ কৰা হৈছে। কাৰণ তেখেতে তেখেতৰ ওপৰত দৰূদ পঢ়িবলৈ নিৰ্দেশ দিছে, লগতে এই কথাও উল্লেখ কৰিছে যে, সেই দৰূদ মোলৈ পৌঁচাই দিয়া হয়। আনহাতে মছজিদে নবৱীত নামাজ পঢ়াৰ উদ্দেশ্যে ভ্ৰমণ কৰি যোৱাটো বৈধ।
- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰক কোনো বিশেষ সময়ত বিশেষ পদ্ধতিত বাৰে বাৰে জিয়াৰত কৰি মেলাত পৰিণত কৰাটো হাৰাম। ঠিক এইদৰে অন্যান্য কবৰৰ ক্ষেত্ৰতো এই একেই বিধান প্ৰযোজ্য।
- মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই সুবিধাৰ জৰিয়তে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে যে, যিকোনো সময়ত যিকোনো স্থানৰ পৰাই তেখেতৰ ওপৰত দৰূদ পাঠ কৰিব পাৰি।
- চাহাবাসকলে এই কথা ভালকৈয়ে জ্ঞাত আছিল যে, কবৰস্থানত নামাজ পঢ়া নিষিদ্ধ, সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিজৰ ঘৰখনক কবৰস্থানত পৰিণত কৰিবলৈ নিষেধ কৰিছে, য'ত নামাজ পঢ়া নহয়।