- আল্লাহৰ নামৰ শপত খোৱাৰ গুৰুত্ব। তথাপিও কেৱল প্ৰয়োজনতহে খাব লাগে।
- হাৰাম উপাৰ্জন যিমানেই নহওক কিয়, তাত কোনো বৰকত নাথাকে তথা কল্যাণ নাথাকে।
- ক্বাৰী ৰাহিমাহুল্লাহে কৈছেঃ অসৎ পন্থাৰে উপাৰ্জন কৰা ধনৰ বৰকত নাথাকে। হয়তো সেই সম্পদ ধ্বংস হয়, নাইবা এনেকুৱা কামত ব্যয় হয় যিটোৰ দ্বাৰা পৃথিৱীতো কোনো উপকাৰ নহয় আৰু আখিৰাততো কোনো ছোৱাব পোৱা নাযায়। এইদৰে যিটো সম্পদ তাৰ ওচৰত অৱশিষ্ট থাকে, তাৰ দ্বাৰা উপকৃত হোৱাৰ পৰাও বঞ্চিত হয়, নাইবা সেই সম্পত্তি এনেকুৱা ব্যক্তিয়ে উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে যাক সি ভাল নাপায়।
- ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত অধিক শপত খাবলৈ নিষেধ কৰা হৈছে। কাৰণ অপ্ৰয়োজনীয় শপত খোৱা অপছন্দনীয়। লগতে শপত খাই ক্ৰয়-বিক্ৰয় কৰিবলৈ নিষেধ কৰা হৈছে, কাৰণ শপতৰ দ্বাৰা ক্ৰেতাক প্ৰতাৰণা কৰাৰ থল থাকে।
- অধিক শপত খোৱাটো হৈছে ঈমানী দুৰ্বলতাৰ পৰিচয় তথা আক্বীদা তাওহীদৰ ক্ষেত্ৰত ত্ৰুটিৰ পৰিচয়। কিয়নো অধিক শপত খালে দুটা বস্তু পৰিলক্ষিত হয়ঃ ১- মানুহে ইয়াৰ প্ৰতি অসাৱধান হৈ পৰে আৰু ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে। ২- সি মিছা কথা ক’বলৈ আৰম্ভ কৰে। কাৰণ যিয়ে বেছি শপত খায়, সি বেছি মিছা কথা কয়। সেয়ে বেছি শপত খাব নালাগে। এইকাৰণেই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা।" (ছুৰা আল-মায়িদাহঃ ৮৯)