- পুৰুষসকলৰ বাবে সকলো প্ৰকাৰ (মিহি হওক বা মোটা) ৰেচমী কাপোৰ পৰিধান কৰা হাৰাম। তথাপিও যিসকলে ইয়াক ব্যৱহাৰ কৰিব, সিহঁতক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে।
- নাৰীসকলৰ বাবে মোটা হওক বা মিহি সকলো প্ৰকাৰ ৰেচমী কাপোৰ পৰিধান কৰা বৈধ।
- নাৰী-পুৰুষ উভয়ৰে বাবে সোণ-ৰূপেৰে নিৰ্মিত বাচন-বৰ্তন তথা এইবোৰেৰে নিৰ্মিত যিকোনো পাত্ৰত পানাহাৰ কৰা হাৰাম।
- হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কঠোৰভাৱে প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল, তেখেতে তাক সোণ-ৰূপেৰে নিৰ্মিত পাত্ৰ ব্যৱহাৰ কৰিবলৈ একাধিকবাৰ নিষেধ কৰিছিল, কিন্তু তথাপিও সি ইয়াৰ পৰা বিৰত নাছিল। (সেইকাৰণে তেওঁ পাত্ৰটো দলিয়াই পেলাইছিল)