- আল্লাহে বান্দাৰ বাবে হালাল কৰা পৃথিৱীৰ প্ৰতিটো পৱিত্ৰ বস্তুকে অপচয় আৰু অহংকাৰ নকৰাকৈ উপভোগ কৰা বৈধ।
- পূণ্যৱতী স্ত্রী গ্রহণ কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে। কিয়নো তেনেকুৱা স্ত্ৰীয়ে স্বামীক আল্লাহৰ ইবাদত কৰাত সহযোগিতা কৰে।
- পৃথিৱীত উপভোগ কৰিবলগীয়া উত্তম সম্পদ হৈছে যিটোৰ দ্বাৰা আল্লাহৰ আনুগত্য কৰা হয় অথবা যিটোৱে আল্লাহৰ আনুগত্যত সহায় কৰে।