- বিবাহ শুদ্ধ হ'বলৈ অলী থকাটো বিবাহৰ চৰ্ত। যদি অলী নোহোৱাকৈ বিবাহ হয়, অথবা কোনো নাৰীয়ে যদি নিজেই বিয়া পাতি লয় তেন্তে সেই বিবাহ শুদ্ধ নহ'ব।
- অভিভাৱক হৈছে নাৰীৰ আটাইতকৈ নিকটাত্মীয় পুৰুষ। এতেকে নিকটাত্মীয় পুৰুষ থকা অৱস্থাত দূৰাত্মীয় অভিভাৱকে তাইক বিবাহ দিব নোৱাৰে।
- অলী হ'বলৈ চৰ্ত হৈছেঃ প্ৰাপ্তবয়স্ক হ'ব লাগিব, পুৰুষ হ'ব লাগিব, বিবাহৰ ভাল বেয়া দিশবোৰ বিবেচনা কৰিব পৰা হ'ব লাগিব, অলী আৰু মাওলাৰ ধৰ্ম একে হ'ব লাগিব। এইবোৰ বৈশিষ্ট্য যদি নাথাকে তেন্তে তেওঁ বিবাহৰ বৈঠক অনুষ্ঠিত কৰিবলৈ অলী হোৱাৰ যোগ্য নহয়।