- অশ্লীলতাৰ দুৱাৰ বন্ধ কৰিবলৈ গাইৰ মাহৰামৰ সৈতে নিৰ্জনতা নিষিদ্ধ ঘোষণা কৰা হৈছে।
- স্বামীৰ ভাতৃ আৰু আত্মীয়কে আদি কৰি সকলো গাইৰ মাহৰামৰ ক্ষেত্ৰতে বিষয়টো ব্যাপকভাৱে প্ৰযোজ্য। পুৰুষৰ প্ৰৱেশ যাতে নিৰ্জনতাত নহয় এইটোৰ প্ৰতি গুৰুত্ব দিয়াটো বাঞ্ছনীয়।
- সাধাৰণতে ভুল হ'ব পৰা স্থানৰ পৰা আঁতৰি থকা উচিত, যাতে অনিষ্ট সাধন নহয়।
- নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ ভাষা বিশেষজ্ঞসকল এই ক্ষেত্ৰত একমত যে, আৰবী ভাষাত (الأحْمَاء) কোৱা হয় স্বামীৰ আত্মীয়ক, যেনে- পিতৃ, খুৰা, ভাই, ভতিজা, কাজিন আদি। পক্ষান্তৰে (الأَخْتَان) কোৱা হয় স্ত্ৰীৰ আত্মীয়ক, শহুৰ গোষ্ঠী এই দুটা শ্ৰেণীৰে অন্তৰ্ভুক্ত।
- দেৱৰক মৃত্যুৰ সৈতে তুলনা কৰা হৈছে। ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ আৰবীয়ানসকলে অপছন্দনীয় বস্তুক মৃত্যুৰ সৈতে তুলনা কৰে। ইয়াত তুলনা কৰাৰ কাৰণ হৈছে যে, এইটো ধৰ্মীয় ক্ষেত্ৰত মৃত্যুৰ সমতুল্য, যদি পাপকৰ্মত লিপ্ত হয়। কাৰণ বিবাহিত কোনোবাই এনেকুৱা অশ্লীলতাত লিপ্ত হ'লে তাইৰ শাস্তি হৈছে মৃত্যুদণ্ড। লগতে এনেকুৱা বিষয়ত স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটে, তথা স্বামীয়ে আত্ম মৰ্যাদা ৰক্ষা কৰিবলৈ স্ত্ৰীক তালাক দিয়ে।