- নবী আৰু পূণ্যৱান লোকসকলৰ কবৰৰ ক্ষেত্ৰত চৰীয়তৰ সীমা উলংঘা কৰা বিষয়টোৱে আল্লাহৰ বাহিৰে সেই কবৰসমূহক উপাসনা কৰাৰ বাট মুকলি কৰি দিয়ে। গতিকে শ্বিৰ্ক হ'ব পৰা সকলো মাধ্যমৰ পৰা সতৰ্ক থকা অনিবাৰ্য।
- কোনো কবৰক সন্মান জনোৱাৰ উদ্দেশ্যে অথবা তাত ইবাদত কৰাৰ উদ্দেশ্য যোৱাটো কেতিয়াও বৈধ নহয়। যদিও সেই কবৰৰ অধিবাসীজন আল্লাহৰ যিমানেই নৈকট্যপ্ৰাপ্ত নহওক কিয়।
- কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হাৰাম।
- কবৰৰ ওচৰত নামাজ আদায় কৰা হাৰাম, তাত মছজিদ থাকক বা নাথাকক। কেৱল সেই ব্যক্তিৰ জানাজা পঢ়িব পাৰি যাৰ জানাজা পঢ়া হোৱা নাছিল।