- তাক্বৱাৰ পথত পৰিচালিত হ'বলৈ উৎসাহিত কৰা হৈছে। লগতে পৃথিৱীৰ আকৰ্ষণ আৰু ইয়াৰ সৌন্দৰ্য্যৰ প্ৰতি নিমগ্ন হোৱাৰ পৰা সতৰ্ক কৰা হৈছে।
- বিশেষকৈ নাৰীৰ ফিতনাৰ পৰা সতৰ্ক কৰা হৈছে। উদাহৰণস্বৰূপে গাইৰ মাহৰাম নাৰীৰ প্ৰতি দৃষ্টিপাত কৰা আৰু সিহঁতৰ সৈতে মিশ্ৰিত পৰিৱেশত বা নিৰ্জনতাত সময় কটাবলৈ সতৰ্ক কৰা হৈছে।
- নাৰীৰ ফিতনা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিতনা।
- পূৰ্বৱৰ্তী উম্মতসমূহৰ পৰা আমি শিক্ষা লোৱা উচিত। কাৰণ বনী ইছৰাঈলৰ সৈতে যি যি সংঘটিত হৈছে সেয়া আনৰ সৈতেও হ'ব পাৰে।
- নাৰীৰ ফিতনাৰ বিভিন্ন ৰূপ হ'ব পাৰে। যেনে- স্ত্ৰী হ'লে কেতিয়াবা কেতিয়াবা স্বামীক ইমান পৰিমাণ ধন ব্যয় কৰাবলৈ বাধ্য কৰে যিমান ব্যয় কৰাৰ সামৰ্থ স্বামীৰ নাই। যাৰ ফলত সি ধৰ্মীয় কামত সময় উলিয়াব নোৱাৰে আৰু সম্পদ উপাৰ্জনৰ তাড়নাত সদায় ব্যস্ত থাকে। আনহাতে অপৰিচিত নাৰীৰ ফিতনা হৈছে, পুৰুষসকলক নিজৰ প্ৰতি আকৃষ্ট কৰিবলৈ সৌন্দৰ্য্য অৱলম্বন কৰি বেপৰ্দা হৈ ঘৰৰ পৰা ওলোৱা আৰু মিশ্ৰিত পৰিৱেশত ঘূৰা-ফুৰা কৰা। ইয়াৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ব্যভিচাৰৰ দুৱাৰ উন্মুক্ত হয়। গতিকে নাৰীৰ ফিতনাৰ পৰা সুৰক্ষিত থাকিবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত।