- মাহৰাম অবিহনে নাৰীয়ে ভ্ৰমণ কৰা বৈধ নহয়।
- ভ্ৰমণৰ ক্ষেত্ৰত এজনী নাৰী আন এজনী নাৰীৰ বাবে মাহৰাম নহয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত "স্বামী অথবা মাহৰাম" থাকিব লাগিব বুলি উল্লেখ কৰিছে।
- ভ্ৰমণ হিচাপে জনাজাত কোনো ভ্ৰমণেই নাৰীয়ে স্বামী অথবা মাহৰাম নোহোৱাকৈ কৰিব নোৱাৰিব। এই হাদীছটো প্ৰশ্নকাৰীৰ অৱস্থা আৰু তেওঁৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কৈছে।
- নাৰীৰ মাহৰাম হৈছে তাইৰ স্বামী, অথবা এনেকুৱা নিকটাত্মীয় ব্যক্তি যাৰ সৈতে স্থায়ীভাৱে বিবাহ নিষিদ্ধ। যেনে- পিতা, পুত্ৰ, খুৰা-বৰতা, মোমাই, দুগ্ধপানৰ ফালৰ পৰা পিতৃ, খুৰা, এইদৰে শশুৰ। মাহৰাম মুছলিম হ'ব লাগিব, প্ৰাপ্তবয়স্ক আৰু বিশ্বস্ত হ'ব লাগিব। মাহৰাম লগত থকা উদ্দেশ্য হৈছে নাৰীৰ যাৱতীয় দিশৰ সুৰক্ষা সুনিশ্চিত কৰা।
- ইছলামী চৰীয়তে নাৰীসকলৰ হিফাজত সুৰক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিছে।
- ফজৰ আৰু আচৰৰ পিছত কোনো ধৰণৰ নফল নামাজ পঢ়াই উচিত নহয়। কিন্তু ফৰজ নামাজৰ কাজা আদায় কৰা আৰু কোনো কাৰণবিশিষ্ট্য নামাজ পঢ়াৰ বিষয়টো সুকীয়া, যেনে তাহয়াতুল মাছজিদ ইত্যাদি।
- সূৰ্যোদয় হোৱাৰ সময়ত বা উদয় হোৱাৰ পিছত লগে লগে নামাজ পঢ়া নিষিদ্ধ। বৰং এক বৰ্শা পৰিমাণ ওপৰলৈ উঠাৰ পিছতহে পঢ়িব লাগে। অৰ্থাৎ দহ, পোন্ধৰ মিনিটমান পিছত।
- আচৰৰ সময় সূৰ্যাস্ত পৰ্যন্ত থাকে।
- তিনিখন মছজিদলৈ ছোৱাবৰ নিয়্য়তেৰে ভ্ৰমণ কৰা বৈধ।
- এই তিনিখন মছজিদৰ ফজিলত অন্যান্য মছজিদতকৈ পৃথক।
- কবৰ জিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰা বৈধ নহয়, যদিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰেই নহওক কিয়। মদীনাত অৱস্থান কৰা ব্যক্তিয়ে জিয়াৰত কৰিবলৈ যেতিয়াই তেতিয়াই যাব পাৰে, অথবা বেলেগ কোনো বৈধ কামত গৈ জিয়াৰত কৰি আহিব পাৰে তাত কোনো বাধা নাই।