- মানুহৰ স্বাভাৱিক প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিন বা তাতকৈ কম সময়ৰ বাবে সম্পৰ্ক ছিন্ন ৰখাটোক বৈধ ঘোষণা কৰা হৈছে। তিনিদিন পৰ্যন্ত সম্পৰ্ক ছিন্ন ৰখাটো হৈছে ক্ষমাযোগ্য, যাতে এই সময়সীমাৰ ভিতৰতে উক্ত কাৰণ দূৰ হয় আৰু সম্পৰ্ক বাহাল হৈ যায়।
- ছালামৰ গুৰুত্ব। ছালামে মানুহৰ মনৰ কলুষতা দূৰ কৰি দিয়ে আৰু এইটো হৈছে মুহাব্বতৰ প্ৰতীক।
- মুছলিমৰ মাজৰ ভাতৃত্ববোধ আৰু মৰম চেনেহ বৃদ্ধি কৰিবলৈ ইছলাম সদায় তৎপৰ।