- হাদীছটোৱে প্ৰমাণ কৰে যে, মৃত ব্যক্তিক গালি-শপনি পাৰা হাৰাম।
- জীৱিতসকলৰ কল্যাণৰ কাৰণেই মৃতসকলক গালি-শপনি পাৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে, যাতে কলহ-বিবাদ আৰু ঘৃণা আদিৰ পৰা সমাজ সুৰক্ষিত থাকে।
- মৃত লোকসকলক গালি-শপনি পাৰিবলৈ নিষেধ কৰাৰ আন এটা হিকমত হৈছে এই যে, সিহঁতে যি আমল কৰিছে, তাৰ প্ৰতিফল পাবলৈ সিহঁতে ইতিমধ্যে তাত গৈ উপস্থিত হৈছে। গতিকে এতিয়া সিহঁতক গালি পাৰি একো লাভ নাই; বৰং এতিয়া গালি পাৰিলে মৃত ব্যক্তিৰ জীৱিত আত্মীয়সকলেহে কষ্ট পাব।
- যিটো কথাত মানুহৰ কোনো উপকাৰ নাই, তেনেকুৱা কথা কোৱাটো মানুহৰ বাবে উচিত নহয়।