- যিয়ে অন্তৰেৰে গুনাহৰ নিয়্যত কৰিছে আৰু সেইটো প্ৰতিফলিত কৰিবলৈও উপায় অৱলম্বন কৰিছে তেন্তে সি শাস্তিৰ উপযুক্ত।
- মুছলিমসকলক পৰস্পৰে কাজিয়া কৰিবলৈ কঠোৰভাৱে নিষেধ কৰিছে আৰু জাহান্নামৰ সতৰ্কবাণী প্ৰদান কৰিছে।
- সত্য প্ৰতিষ্ঠা কৰিবলৈ মুছলিমসকলৰ মাজত হোৱা যুদ্ধ ইয়াৰ অন্তৰ্ভুক্ত নহয়, যেনে- বিদ্ৰোহীসকলৰ সৈতে কৰা যুদ্ধ আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সৈতে কৰা যুদ্ধ।
- কেৱল কাবীৰাহ গুনাহ কৰিলেই কোনো এজন ব্যক্তি কাফিৰ বুলি গণ্য নহয়, কিয়নো হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰস্পৰে যুদ্ধ কৰা দুয়োজন ব্যক্তিকেই মুছলিম বুলি উল্লেখ কৰিছে।
- যি অস্ত্ৰৰ জৰিয়তেই দুজন মুছলিম ব্যক্তি মুখামুখী নহওক কিয়, ইজনে সিজনক হত্যা কৰিলে উভয়েই জাহান্নামী হ'ব। হাদীছত তৰোৱালৰ কথাটো কেৱল উদাহৰণ দিয়াৰ উদ্দেশ্যেহে উল্লেখ হৈছে।