- নবী আৰু পূণ্যৱান লোকসকলৰ কবৰক মছজিদত পৰিণত কৰিবলৈ তথা তাত নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিয়নো, এইটো হৈছে শ্বিৰ্কৰ এটা মাধ্যম।
- তাওহীদৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত মনোযোগী আছিল, আৰু কবৰৰ সন্মানৰ ক্ষেত্ৰত সীমালংঘনৰ বিষয়টোকলৈ খুবেই আশংকা কৰিছিল। কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত কৰাৰ এটা মাধ্যম।
- ইয়াহুদী, খ্ৰীষ্টান আৰু সিহঁতৰ দৰে যিসকলে কবৰৰ ওপৰত ঘৰ বনায় আৰু কবৰক মছজিদ বনাই লয়, সিহঁতৰ ওপৰত অভিশাপ কৰা বৈধ।
- কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য কৰাটো হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ নীতি। হাদীছত সিহঁতৰ সাদৃশ্য গ্ৰহণৰ পৰা নিষেধ কৰা হৈছে।
- কবৰৰ ওচৰত বা কবৰৰ সন্মুখত নামাজ পঢ়াটোৱে হৈছে তাক মছজিদত পৰিণত কৰাৰ অন্তৰ্ভুক্ত, যদিও তাত মছজিদ নিৰ্মাণ কৰা হওক বা নহওক।