মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
нохчийн мотт - شيشاني
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
한국어 - كوري
македонски - مقدوني
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
עברית - عبري
中文 - صيني
Bahasa Indonesia - إندونيسي
dansk - دنماركي
پښتو - بشتو
أنكو - أنكو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
eesti - إستوني
suomi - فنلندي
Адыгэбзэ - شركسي
Norwegian - نرويجي
ქართული - جورجي
tamashaq - طارقي
ދިވެހި - ديفهي
slovenčina - سلوفاكي
Türkmençe - تركماني
башҡорт теле - بلوشي
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
Bassa - الباسا
Lingala - لينغالا
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Mandinka - مندنكا
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Jóola - جوالا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
ພາສາລາວ - لاو
মূল পৃষ্ঠা
আমি কোন
Contact Us
/
হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে।...
হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে।...
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
(তিৰমিজী, ইবনে হিব্বান)
ব্যাখ্যা
হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা লোকসকলক সম্বোধন কৰি কৈছিল যে, হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহেলী যুগৰ গৌৰৱ অহংকাৰ আৰু পিতৃপুৰুষকলৈ কৰা দম্ভ আদিক আঁতৰাই দিছে। এতিয়া মানুহ কেৱল দুই ভাগত বিভক্তঃ একশ্ৰেণী হৈছে মুমিন, মুত্ত্বাক্বী, পৰহেজগাৰ, আল্লাহৰ আনুগত্যশীল বান্দা। এনেকুৱা ব্যক্তি আল্লাহৰ ওচৰত সন্মানীয়। যদিও মানুহৰ দৃষ্টিত তেওঁ উচ্চস্তৰৰ তথা উচ্চ বংশৰ নহয়। দ্বিতীয়টো হৈছে কাফিৰ, পাপিষ্ঠ তথা দুৰ্ভগীয়া। এনেকুৱা ব্যক্তি আল্লাহৰ দৃষ্টিত অত্যন্ত নিকৃষ্ট, ইয়াৰ কোনো তুলনা নহয়, যদিও সি উচ্চ মৰ্যাদা সম্পন্ন নহওক কিয় আৰু ক্ষমতাশীল নহওক কিয়। সকলো মানুহেই আদম সন্তান, আৰু আদমক আল্লাহে মাটিৰে সৃষ্টি কৰিছে। গতিকে যাৰ মূল হৈছে মাটি, সি অহংকাৰ কৰাটো শোভা নাপায়। সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
Hadeeth benefits
মান-মৰ্যাদা আৰু উচ্চ বংশকলৈ অহংকাৰ কৰা নিষেধ।
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share