- গুনাহ কৰাৰ পিছত সেই গুনাহ গাই ফুৰাক নিন্দা কৰা হৈছে। অথচ আল্লাহে এইটোক গোপন ৰাখিছিল।
- গুনাহৰ কথা প্ৰকাশ কৰা কাৰ্যই মুমিনসকলৰ মাজত অশ্লীলতা বিস্তাৰ কৰে।
- যিয়ে আল্লাহৰ ওৱাস্তে কোনো গুনাহ এই পৃথিৱীত গোপন ৰাখিব, আখিৰাতত আল্লাহে তাৰ গুনাহ গোপন ৰাখিব। বান্দাসকলৰ প্ৰতি এইটো হৈছে আল্লাহৰ অসীম ৰহমত।
- যিয়ে কোনো গুনাহ কৰি পেলাইছে, সি সেইটো নিজৰ মনতে গোপন ৰাখিব লাগে আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে।
- গুনাহ কৰি সেই গুনাহ প্ৰকাশ কৰাৰ ভয়াৱহতা, কাৰণ গুনাহ প্ৰকাশ কৰাৰ ফলত গুনাহকাৰীয়ে ক্ষমাৰ যোগ্যতা হেৰুৱাই পেলায়।