- আভাস পোৱা ব্যক্তিৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাটো কোনো দোষণীয় বিষয় নহয়, কিন্তু তথাপিও মুমিনসকলে সচেতন আৰু বিচক্ষণতাৰ পৰিচয় দিয়া উচিত; যাতে চৰিত্ৰহীন, ফাছিক মানুহে তেওঁলোকৰ লগত প্ৰতাৰণা কৰিব নোৱাৰে।
- ইয়াৰ উদ্দেশ্য হৈছে, সেইসমূহ অপবাদৰ পৰা সতৰ্ক কৰা যিটো অন্তৰত গাঁথি পৰে, আৰু তাৰ প্ৰতি ধাৰাবাহিকভাৱে বেয়া ধাৰণা থাকি যায়। কিন্তু যিবোৰ ধাৰণা অন্তৰত উদ্ভৱ হোৱাৰ পিছত বেছি সময় নাথাকে সেইবোৰ দোষণীয় নহয়।
- মুছলিম সমাজৰ ব্যক্তিবৰ্গৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা সকলো প্ৰকাৰ মাধ্যমকে হাৰাম কৰা হৈছে। উদাহৰণস্বৰূপেঃ দোষ-ত্ৰুটি অনুসন্ধান কৰা, হিংসা বিদ্বেষ আদি পোষণ কৰা, ইয়াৰ বাহিৰেও অন্যান্য সকলো মাধ্যম।
- মুছলিমৰ যিকোনো বিষয়তে এজন ভাই হিচাপে হিতাকাংক্ষী আৰু ঘনিষ্টতাৰ দিশ অৱলম্বন কৰিবলৈ উপদেশ দিয়া হৈছে।