ব্যাখ্যা
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দি কৈছে যে, এজন মুছলিমে আন এজন মুছলিম ভাতৃৰ বাবে কল্যাণ কামনা কৰা উচিত। লগতে তেখেতে কিছুমান অনিবাৰ্য দায়িত্ব আৰু নিয়ম-নীতি উল্লেখ কৰিছে। যেনে- প্ৰথম উপদেশঃ ঈৰ্ষা নকৰিবা, অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ নিয়ামত নিঃশেষ (ধ্বংস) হোৱাটো কামনা নকৰিবা। দ্বিতীয়ঃ দালালি নকৰিবা, অৰ্থাৎ কাৰোবাৰ সম্পদ বিক্ৰীৰ ক্ষেত্ৰত দাম বৃদ্ধি কৰিবলৈ মিছা পৰিৱেশ সৃষ্টি কৰা, যাৰ উদ্দেশ্য হৈছে একমাত্ৰ বিক্ৰেতাৰ উপকাৰ কৰা আৰু ক্ৰেতাৰ ক্ষতি কৰা। তৃতীয়ঃ বিদ্বেষ নকৰিবা, অৰ্থাৎ ক্ষতি কৰাৰ ইচ্ছা নকৰিবা। বিদ্বেষ হৈছে মুহাব্বতৰ পৰিপন্থী। কিন্তু আল্লাহৰ বাবে কাৰো সৈতে বিদ্বেষ পোষণ কৰাত কোনো অসুবিধা নাই। বৰং এইটো হৈছে অনিবাৰ্য্য। চতুৰ্থঃ মুখ ঘূৰাই নল'বা, অৰ্থাৎ কোনোৱে যেন নিজৰ ভাতৃৰ পৰা মুখ ঘূৰাই নলয় আৰু পিঠি নিদিয়ে, তথা সম্পৰ্ক বিচ্ছিন্ন নকৰে। পঞ্চমঃ কোনোবাই বিক্ৰী কৰাৰ ওপৰত বিক্ৰী নকৰিবা। উদাহৰণস্বৰূপেঃ ক্ৰেতাই কোনো বস্তু কিনাৰ পিছত, বেলেগ কোনোবাই এই কথা কোৱা উচিত নহয় যে, মোৰ ওচৰতো এনেকুৱা বস্তু আছে, অথবা ইয়াতকৈ কম দামত দিব পাৰিম, নাইবা ইয়াতকৈ ভাল বস্তু এই দামত দিম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা গাম্ভীৰ্য্যপূৰ্ণ উপদেশ দিছে। তেখেতে কৈছেঃ তোমালোকে এই নিষেধকৃত বিষয়বোৰ পৰিত্যাগ কৰি ইজনে সিজনৰ ভাতৃৰ দৰে হৈ যোৱা, লগতে মুহাব্বত, নম্ৰতা, মমতা, দয়া, আৰু ভাল কামত সহযোগিতাকে আদি কৰি, পৰিষ্কাৰ হৃদয়েৰে সকলো অৱস্থাতে ইজনে সিজনক ভাল পৰামৰ্শ দিয়া। এই ভাতৃত্ববোধৰ দাবী হৈছেঃ কোনো মুছলিম ভাতৃৰ প্ৰতি অন্যায়-অত্যাচাৰ নকৰা। লগতে কোনো মুছলিম ভাতৃক অসহায় অৱস্থাত নিৰ্যাতিত হ'বলৈ এৰি দিয়াও উচিত নহয়। বিশেষকৈ এনেকুৱা অৱস্থাত, যেতিয়া তাক সহায় কৰিবলৈ সক্ষম তথা অন্যায় প্ৰতিৰোধ কৰিবলৈ সক্ষম। এইদৰে তাক অপমান কৰা উচিত নহয়, হেও প্ৰতিপন্ন কৰাও উচিত নহয়, এইবোৰে অন্তৰত অহংকাৰ সৃষ্টি কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনিবাৰ কৈছে যে, তাক্বৱা হৈছে অন্তৰত। যাৰ অন্তৰত আল্লাহৰ তাক্বৱা আছে, তেওঁ সদায় সদ্ব্যৱহাৰ কৰে, আল্লাহক ভয় কৰে, আৰু তেওঁক সদায় উপস্থিত থকা বুলি ভাবে। তেওঁ কেতিয়াও কোনো মুছলিমক হেও প্ৰতিপন্ন নকৰে। নিকৃষ্ট চৰিত্ৰ আৰু বেয়া স্বভাৱৰ বৈশিষ্ট্য হৈছে মুছলিম ভাতৃক হেও প্ৰতিপন্ন কৰা। অন্তৰত অহংকাৰ থাকিলে এনেকুৱা স্বভাৱৰ বহিঃপ্ৰকাশ ঘটে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুৰুত্ব সহকাৰে এই কথা জনাইছে যে, প্ৰতিজন মুছলিমৰ তেজ অন্যান্য মুছলিমৰ ওপৰত হাৰাম। উদাহৰণস্বৰূপে কাৰোবাক হত্যা কৰা, অথবা আঘাত কৰা বা আক্ৰমণ কৰা আদি। এইদৰে তাৰ সম্পদকো সুৰক্ষিত কৰা হৈছে, অৰ্থাৎ অন্যায়ভাৱে ভক্ষণ কৰা হাৰাম। এইদৰে তাৰ মান-সন্মান সুৰক্ষিত কৰা হৈছে, সেয়ে- তাক আৰু তাৰ বংশক অপমান কৰাও উচিত নহয়।