- হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিক্ষাদানৰ পদ্ধতি প্ৰস্ফুটিত হৈছে। কাৰণ তেখেতে ইয়াত প্ৰশ্ন-উত্তৰৰ মাধ্যমত বিষয়টো সুন্দৰকৈ বুজাই দিছে।
- হাদীছটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কৰা চাহাবাসকলৰ উত্তম শিষ্টাচাৰৰ প্ৰমাণ বহন কৰে। কাৰণ তেওঁলোকে তেখেতৰ প্ৰশ্নৰ উত্তৰত কৈছিল, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে বিষয়টো ভালকৈ জানে।
- কোনো নজনা বিষয়ত প্ৰশ্নৰ সন্মুখীন হ'লে এই বুলি কোৱা উচিত যে, আল্লাহেই সৰ্বজ্ঞ, তেৱেঁই ভাল জানে।
- ইছলামী চৰীয়তে সমাজত মানুহৰ অধিকাৰ আৰু ভাতৃত্ববোধ হিফাজতৰ মাধ্যমত তেওঁলোকৰ অধিকাৰ সংৰক্ষণ কৰিছে।
- গীবত কৰা হাৰাম; কিন্তু যদি কোনো সময়ত মানুহৰ ব্যাপক কল্যাণৰ বিষয় জড়িত থাকে তেন্তে সেইটো সুকীয়া বিষয়। উদাহৰণস্বৰূপে অন্যায়-অত্যাচাৰ প্রতিৰোধ কৰাৰ স্বাৰ্থত কাৰো গীবত কৰা, অৰ্থাৎ এনে কোনো ব্যক্তিৰ ওচৰত কাৰো গীবত কৰা, যিয়ে সেই ব্যক্তিৰ পৰা তাৰ অধিকাৰ আদায় কৰি দিবলৈ সক্ষম। গতিকে সি ক'ব পাৰে যে, অমুক ব্যক্তিয়ে মোৰ প্ৰতি অন্যায় কৰিছে অথবা মোৰ সৈতে এনেকুৱা আচৰণ কৰিছে। এই ধৰণৰ গীবতৰ আন এটা উদাহৰণ হৈছে: বিবাহ অথবা অংশীদাৰী ব্যৱসায় বা প্রতিৱেশী ইত্যাদিৰ বিষয়ে কোনো ব্যক্তিৰ সৈতে পৰামৰ্শ কৰা আৰু সেই ক্ষেত্রত তাৰ দোষ-ত্রুটি উল্লেখ কৰা।