- হাদীছটোত সৰ্বপ্ৰথম মাকৰ কথা উল্লেখ কৰা হৈছে। তাৰ পিছত পিতা। ইয়াৰ পিছত পৰ্যায়ক্ৰমে নিকটাত্মীয়ক স্থান দিয়া হৈছে।
- হাদীছটোত পিতৃ-মাতৃৰ মৰ্যাদা বৰ্ণিত হৈছে, বিশেষকৈ মাকৰ।
- হাদীছটোত মাকৰ কথা তিনিবাৰকৈ কোৱা হৈছে। সন্তান-সন্ততিৰ ওপৰত মাকৰ মহা অধিকাৰ আছে। কাৰণ মাকে বহু কষ্ট সহ্য কৰে, গৰ্ভত ধাৰণ কৰে, প্ৰসৱ কৰে, আকৌ পিয়াহ খুউৱায়, চোৱাচিতাকে আদি কৰি মাকে বহুতো কাম অকলশৰীয়াকৈ কৰিব লাগে। ইয়াৰ পিছতহে লালন পালনত পিতাই অংশ লয়।