- চৰীয়তৰ দৃষ্টিত নিৰ্ভৰযোগ্য আত্মীয়তাৰ সম্পৰ্ক হৈছে, বিচ্ছিন্ন কৰাজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা, অন্যায়-অত্যাচাৰকাৰীক ক্ষমা কৰি দিয়া, বঞ্চিত কৰাজনক প্ৰদান কৰা। আনহাতে সেইটোক আত্মীয়তাৰ সম্পৰ্ক বজাই ৰখা বুলি গণ্য কৰা নহয়, য'ত প্ৰতিদানৰ আশা কৰা হয়।
- আত্মীয়তাৰ সম্পৰ্ক হৈছে, সাধ্যানুসাৰে ধন-সম্পদৰ দ্বাৰা উপকাৰ কৰা, দুআ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা, লগতে সাধ্যানুসাৰে বিভিন্ন সমস্যাৰ সমাধান কৰা।