- নিৰাপত্তাধীন জিম্মী প্ৰতিশ্ৰুতিবদ্ধ অমুছলিম ব্যক্তিক হত্যা কৰা হাৰাম, তথা এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
- চুক্তিবদ্ধঃ এনেকুৱা অমুছলিম ব্যক্তি যাক এই চৰ্তত মুছলিম দেশত বসবাস কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যে, সি মুছলিমসকলৰ লগত যুদ্ধ নকৰিব আৰু মুছলিমসকলেও তাৰ লগত যুদ্ধ নকৰিব। আনহাতে জিম্মী হৈছে সেই ব্যক্তি যিয়ে কৰ প্ৰদান কৰি মুছলিম দেশৰ নাগৰিক হৈছে। আনহাতে মুস্তা'মান হৈছে সেই ব্যক্তি, যিয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰাপত্তাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি মুছলিম দেশত প্ৰৱেশ কৰিছে।
- অমুছলিমৰ সৈতে প্ৰতিশ্ৰুতি ভংগৰ পৰা সতৰ্ক কৰা হৈছে।