- হাদীছকো মৰ্যাদা প্ৰদান কৰিব লাগিব যিদৰে কোৰআনক মৰ্যাদা প্ৰদান কৰা হয় আৰু তাৰ পৰা বিধান গ্ৰহণ কৰিব লাগিব।
- ৰাছুলৰ আনুগত্য কৰা মানেই আল্লাহৰ আনুগত্য কৰা আৰু তেখেতৰ অবাধ্যতা কৰা মানেই আল্লাহৰ অবাধ্যতা কৰা।
- হাদীছক প্ৰমাণ হিচাপে সাব্যস্ত কৰা আৰু যিয়ে হাদীছক অস্বীকাৰ কৰে অথবা নাকচ কৰে সেই ব্যক্তিৰ কথাক খণ্ডন কৰা।
- যিয়ে হাদীছক বৰ্জন কৰি কোৰআন মনা বুলি দাবী কৰে, সি দৰাচলতে দুয়োটাকে পৰিত্যাগ কৰে আৰু সি কোৰআনৰ অনুসৰণৰ দাবীৰ ক্ষেত্ৰত মিছলীয়া।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ সত্যতাৰ অন্যতম এটা প্ৰমাণ হৈছে এই যে, তেখেতে যিটো বস্তুৰ বিষয়ে সংবাদ দিছে যে এইটো ভৱিষ্যতত সংঘটিত হ'ব, সেইটো ঠিক সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে সংবাদ দিছে।