- জানি বুজি মিছা শপত খোৱাৰ কোনো কাফ্ফাৰা নাই। কাৰণ ই অতি ভয়ানক অপৰাধ। কিন্তু যদি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে তাওবা কৰে তেন্তে সেইটো সুকীয়া বিষয়।
- কাবীৰাহ গুনাহ বৰ্ণনাৰ ক্ষেত্ৰত কেৱল এই চাৰিটাৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, ইয়াৰ গুনাহ অতি ভয়াৱহ। ইয়াৰ দ্বাৰা কাবীৰাহ গুনাহক সীমাবদ্ধ কৰা হোৱা নাই।
- গুনাহক দুই ভাগত বিভক্ত কৰিছে, চাগীৰাহ (সৰু) আৰু কাবীৰাহ (ডাঙৰ) গুনাহ। সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বোলে, যিবোৰ গুনাহৰ বাবে পৃথিৱীতে শাস্তি নিৰ্ধাৰিত আছে, যেনে- সীমালংঘন আৰু অভিশাপ (كالحدود واللعن), অথবা আখিৰাতত শাস্তি হব বুলি সকীয়াই দিয়া হৈছে, যেনে- জাহান্নামত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। কাবীৰাহ গুনাহৰো স্তৰ আছে, কিছুমান গুনাহ আন কিছুমানতকৈ অধিক কঠোৰ। কাবীৰাহ গুনাহৰ বাহিৰে সকলো গুনাহেই হৈছে চাগীৰাহ গুনাহ।