- আটাইতকৈ মহাপাপ হৈছে, আল্লাহৰ সৈতে শ্বিৰ্ক কৰা বা অংশীদাৰ স্থাপন কৰা। কিয়নো, তেওঁ শ্বিৰ্ক গুনাহক সকলো কবীৰা গুনাহৰ ওপৰত স্থান দিছে আৰু ইয়াক আটাইতকৈ ডাঙৰ গুনাহ হিচাপে গণ্য কৰিছে। ইয়াৰ সপক্ষে দলিল হৈছে আল্লাহ তা‘আলাৰ এই বাণী, {إن الله لا يَغْفِرُ أن يشرَكَ به وَيَغْفِرُ مَا دونَ ذلِكَ لِمَنْ يشَاء}. “নিশ্চয় আল্লাহে তেওঁৰ সৈতে কৰা শ্বিৰ্ক গুনাহক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য গুনাহৰ ক্ষেত্ৰত তেওঁ যাক ইচ্ছা কৰিব ক্ষমা কৰিব।”
- পিতা-মাতাৰ অধিকাৰৰ গুৰুত্ব। কিয়নো, আল্লাহে তেওঁৰ অধিকাৰৰ সৈতে পিতা-মাতাৰ অধিকাৰক সংযুক্ত কৰিছে।
- গুনাহক দুই ভাগত বিভক্ত কৰিছে, চাগীৰাহ (সৰু) আৰু কাবীৰাহ (ডাঙৰ) গুনাহ। সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বোলে, যিবোৰ গুনাহৰ বাবে পৃথিৱীতে শাস্তি নিৰ্ধাৰিত আছে, যেনে- সীমালংঘন আৰু অভিশাপ (كالحدود واللعن), অথবা আখিৰাতত শাস্তি হ'ব বুলি সকীয়াই দিয়া হৈছে, যেনে- জাহান্নামত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। কাবীৰাহ গুনাহৰো স্তৰ আছে, কিছুমান গুনাহ আন কিছুমানতকৈ অধিক কঠোৰ। কাবীৰাহ গুনাহৰ বাহিৰে সকলো গুনাহেই হৈছে চাগীৰাহ গুনাহ।